মহাপুৰুষ শ্ৰী মন্ত মাধবদেৱৰ জন্মস্থান লেটেকুপুখুৰীলৈ আপোনাক আদৰনি জনাইছো

কৃষ্ণ ৰাম কৃষ্ণ ৰাম

কৃষ্ণ ৰাম কৃষ্ণ ৰাম

কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম |

কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম ||

কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম |

অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ ||

নমস্কাৰ

মত্‍স্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম

হলিৰাম বৰাহ শ্ৰীৰাম |

বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ

তযু পাৱে কৰোহো প্ৰণাম ||

কল্পনাৰ মহাপুৰুষ মাধবদেৱ

প্ৰাৰ্থনা

মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো

ৰসময় মাগোহো ভকতি ৷

সমস্ত মস্তক-মণি নিজ ভকতৰ বশ্য

ভজোহেন দেব যদুপতি ৷৷

যাৰ ৰাম-কৃষ্ণ নাম নাৱে ভৱ-সিন্ধু তৰি

পাৱে পৰম্পদ পাপী যত ৷

সদানন্দ সনাতন হেনয় কৃষ্ণক সদা

উপাসা কৰোহো হৃদয়ত ৷৷

News & Events